আপুনি গাহৰিৰ মাংস খাই ভাল পায় নেকি ? সাৱধান ! গাহৰিৰ মাংস নিষিদ্ধ কৰিছে চৰকাৰে।

আপুনি গাহৰিৰ মাংস খাই ভাল পায় নেকি ? সাৱধান ! গাহৰিৰ মাংস নিষিদ্ধ কৰিছে চৰকাৰে।

 পশু চিকিৎসকে কয় যে আফ্ৰিকান ছোৱাইন ফিভাৰ কোনো জুনোটিক ৰোগ নহয় (ই জীৱ-জন্তুৰ পৰা মানুহলৈ বিয়পি নাযায়)। দৰং, উদালগুৰি, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু গোৱালপাৰা জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে বৃহৎ ৰূপত সংঘটিত হৈছে।

 জ্বৰৰ সংঘটিত হোৱাৰ কোনো নিৰ্দিষ্ট ঋতু নাই। এই জ্বৰৰ বিৰুদ্ধে যুঁজত সজাগতাই মূল ভূমিকা পালন কৰে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা লাভ কৰা পৰিসংখ্যা অনুসৰি ২০২০ চনৰ পৰা চলিত বৰ্ষৰ ১১ জুলাইলৈকে ১১৮১টা গাহৰি হত্যা কৰাৰ উপৰিও ৰাজ্যত ৪০,১৫৯টা গাহৰিৰ জ্বৰত মৃত্যু হৈছে।

বিভাগটোৱে ৰাজ্যখনৰ ২২খন জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ ৬৬টা এপিচেণ্টাৰ চিনাক্ত কৰিছে। সূত্ৰই জনোৱা মতে, চলিত বৰ্ষত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ প্ৰায় ৪০০ গাহৰিৰ মৃত্যু হৈছে। আফ্ৰিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ আশে-পাশে গাহৰিৰ মাংস নিষিদ্ধ কৰিছে চৰকাৰে।

Post a Comment

Previous Post Next Post